নগাঁৱৰ পুৰণিগুদাম দেউৰীগাৱঁৰ নিবাসী, বিশিষ্ট সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী শৰৎ বৰঠাকুৰৰ দেহাৱসান। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯২ বছৰ। বাৰ্ধক্যজনিত কাৰণত নিজ বাসগৃহতে শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সমাজকৰ্মীগৰাকীয়ে ।
তেখেতে চাকৰি জীৱন নগাঁৱৰ “অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ”ত সম্পূৰ্ণ কৰি ১৯৯৭চনত অৱসৰ গ্ৰহণ কৰিছিল। এজন সুদক্ষ অভিনেতা হিচাপে অঞ্চলটোত তেওঁৰ যথেষ্ট খ্যাতি অৰ্জন কৰিছিল শৰৎ বৰঠাকুৰে। বিশেষকৈ ভাওনা সংস্কৃতিৰ সৈতে তেওঁ গভীৰভাৱে জড়িত আছিল তেওঁ । ৮০ বছৰ বয়স পৰ্যন্ত তেওঁ বিভিন্ন ভাওনা অনুষ্ঠানত বিভিন্ন চৰিত্ৰত অভিনয় কৰি দৰ্শকক আমোদ দিছিল।
এগৰাকী অমায়িক আৰু সমাজহিতৈষী ব্যক্তি হিচাপে পৰিচিত শৰৎ বৰঠাকুৰৰ মৃত্যুত দেউৰীগাৱঁৰ লগতে সমগ্ৰ পুৰণিগুদাম অঞ্চলতে শোকৰ ছাঁ পৰিছে।