Share and Enjoy !

Shares

অসমত বিধানতসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া অব্যাহত। পুৱা ৭ বজাৰ পৰা চলিছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। প্ৰতিটো ভোটকেন্দ্ৰত পুৱাৰে পৰা দেখা গৈছে ভোটাৰৰ দীঘলীয়া শাৰী। নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিছে ভোটাৰ ৰাইজ।

পুৱাই ভোটদান কৰিবলৈ ওলাই আহিল নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলো। সন্ধিয়া ৫ বজালৈ অব্যাহত থাকিব ভোটগ্ৰহণ প্ৰক্ৰিয়া।

ভোটদানৰ মাজতে শ্ৰীভূমি জিলাত উত্তপ্ত পৰিস্থিতি। উত্তৰ কৰিমগঞ্জ সমষ্টিৰ শ্রীভূমি চহৰ অঞ্চলৰ ভোটগ্ৰহণ কেন্দ্ৰত হিংসাত্মক ঘটনা। কংগ্ৰেছ কৰ্মীৰ অভিযোগ যে বিজেপি কৰ্মীয়ে এজন কংগ্ৰেছ কৰ্মীৰ মূৰত চোকা অস্ত্রৰে আঘাত কৰে । বৰ্তমান কৰিমগঞ্জ হাস্পতালত চিকিৎসাধীন হৈ আছে।আহত লোকজন।

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *