বিকাশ অসমক বীৰ লাচিত সেনাৰ পৰা বহিষ্কাৰ।
বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাৰ ঘোষণা।
ৰণ্টু পাণি ফুকন,উৎপল অসম,তন্ময় চেতিয়াক বিনা চৰ্তে মুকলি কৰি দিয়াৰ দাবী শৃংখল চলিহাৰ।
উল্লেখ্য যে,সোমবাৰে গুৱাহাটীৰ জি এছ ৰোডৰ হোটেল এপ’ল’ গ্ৰেণ্ডত সংবাদমেল সম্বোধন কৰিছিল ৰণ্টু পাণি ফুকনে। সংবাদমেল সম্বোধন কৰি থকাৰ সময়তে দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৰণ্টু পাণি ফুকনক। ৰণ্টু পাণি ফুকনক গ্ৰেপ্তাৰৰ পিছতে শিৱসাগৰত বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাই সংবাদমেল সম্বোধন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে।
