শ্ৰীভূমি জিলাৰ ৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চৰগুলাত অঞ্চলত ভয়ংকৰ পথ দুৰ্ঘটনা।
শ্ৰীভূমিৰ পৰা বদৰপুৰ অভিমুখী যোৱা দুখন অট’ৰিক্সাৰ মাজত সংঘৰ্ষ।
AS10 BC1603 নম্বৰৰ দ্ৰুতবেগী অট’ ৰিক্সাখনে AS 10AC 2870 নম্বৰৰ অট’ ৰিক্সাখনৰ পিছফালে খুন্দা মৰাৰ ফলত দুয়োখন অট’ৰিক্সাৰ যাত্ৰী গুৰুতৰভাৱে আহত হয়।
পিছত স্থানীয় ৰাইজে আহতসকলক উদ্ধাৰ কৰি কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
দুৰ্ঘটনাস্থলীত উপস্থিত হৈ মালুৱা আউটপোষ্টৰ ভাৰপ্ৰাপ্ত বিষয়া শুভম কুমাৰ পালে বাহন দুখন উদ্ধাৰ কৰি থানালৈ লৈ যায়।
স্থানীয় ৰাইজে অভিযোগ কৰে যে অটোৰিক্সাত অধিক যাত্ৰী থকাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হৈছে।