Share and Enjoy !

Shares

শোণিতপুৰ জিলাৰ ৰঙাপৰাত চোৰাং কাঠ সৰবৰাহ কৰা ট্ৰাক দুৰ্ঘটনাত পতিত। পুৱাৰ ভাগত ৰঙাপৰাৰ ২ নং বাহুমাৰী গাঁৱত সংঘটিত হয় এই দুৰ্ঘটনাটো।

জানিব পৰা মতে, নম্বৰৰ বিহীন এখন ৬ চকীয়া ট্ৰাক ৰঙাপৰাৰ পৰা ঢেকিয়াজুলি অভিমুখে গৈ থকা অৱস্থাত হঠাতে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে। দুঘৰ্টনাৰ পিছতে চালক আৰু হেণ্ডিমেন ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

ইফালে, ঘটনাটোৰ খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত ৰঙাপৰা আৰক্ষী আৰু আমাৰীবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মীৰ এটা দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।

বন বিভাগৰ সূত্ৰ অনুসৰি জব্দকৃত চোৰাং কাঠখিনিৰ মূল্য প্ৰায় ২০ লাখ টকা হ’ব বুলি অনুমান কৰা হৈছে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *