Share and Enjoy !

Shares

অসমত উদ্ধাৰ নতুন প্ৰজাতিৰ কেঁকোসাপ কোকৰাঝাৰ জিলাস্থিত ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ হৈছে এই নতুন প্ৰজাতিৰ কেঁকোসাপ।উদ্ধাৰ হোৱা কেঁকোসাপটো “ছাইৰ’ডেক্টিলাছ ৰাইমোনেয়েন্সিছ” হিচাপে ইয়াৰ নামকৰণ কৰা হয় ।

শাৰীৰিক গঠনৰ প্ৰতি লক্ষ্য ৰাখি ইয়াক ছাইৰ’ডেক্টিলাছ আহাচিয়েন্সিছ প্ৰজাতিৰ সৈতে মিল থকা বুলি অনুমান কৰা হৈছে।

কোকৰাঝাৰ জিলাৰ কচুগাঁৱৰ পৰা উদ্ধাৰ হোৱা বেঁকা ঠেঙৰ এই নতুন প্ৰজাতিৰ কেঁকোসাপক লৈ এতিয়া ৰাজ্যজুৰি চৰ্চা আৰম্ভ হৈছে ।

এই গৱেষণাৰ বিৱৰণ বিশ্ববিখ্যাত আলোচনী জুটেক্সাত (Zootaxa) প্ৰকাশ পাইছে । নতুন কেকোঁসাপৰ উদ্ধাৰ অৰিহণা যোগোৱা গৱেষকৰ দলটোত আছে বিজয় বাছফৰ, মনমথ ভৰালী, ৰথীন বৰ্মন, সনাতন ডেকা, নজৰুল ইছলাম, অৰ্ণৱ দেব, সনাথ চন্দ্ৰ বোহৰা, ৰূপাংকৰ ভট্টাচাৰ্য, মধুৰিমা দাস, অৰুপ কুমাৰ হাজৰিকা, অঞ্জনা সিনহা নাওৰেম আৰু জয়াদিত্য পুৰকায়স্থ ।

গৱেষণা পত্ৰখনৰ মতে নতুন প্ৰজাতিটোৰ শাৰীৰিক গঠন আৰু জিনীয় তথ্যৰ ভিত্তিত ইয়াক বৰ্ণনা কৰা হৈছে । ই ছাইৰ’ডেক্টিলাছ খাছিয়েনচিছ (Cyrtodactylus khasiensis) গোটৰ অন্তৰ্গত বুলি অনুমান কৰা হৈছে । কেঁকোসাপৰ প্ৰজাতিটোৰ আকাৰ মধ্যমীয়া আৰু ইয়াৰ সুকীয়া বৈশিষ্ট্য যেনে পিঠিত সৰু সৰু শাৰী, নিৰ্দিষ্ট স্কেলৰ আৰ্হি আৰু শৰীৰৰ বিভিন্ন স্থানত ক’লা দাগ আছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *