Share and Enjoy !

Shares

এইবাৰ চোৰৰ চকু চিকিৎসালয়ৰ ওপৰত।

চিকিৎসালয়ৰ নিৰ্মাণকাৰ্যত ব্যৱহৃত বহুমূলীয়া সামগ্ৰী চুৰি কৰিবলৈ গৈ ৰাইজৰ ৰোষত পৰিল তিনিটাকৈ গভাইত চোৰ।

শুৱালকুছিৰ নিৰ্মাণৰত চিকিৎসালয়ত এতিয়া চলিছে চোৰৰ ৰাজত্ব। ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্যত ব্যৱহৃত বৈদ্যুতিক তাঁৰ আৰু অন্যান্য মূল্যবান সামগ্ৰীসমূহৰ ওপৰত চকু পৰিছে এক বৃহৎ চোৰৰ চক্ৰৰ।

পুনৰবাৰ এই নিৰ্মাণস্থলীৰ পৰা সামগ্ৰী লুট কৰাৰ পৰিকল্পনা কৰিছিল চোৰৰ এটা দলে। কিন্তু বিফল হ’ল চোৰৰ ব্লু-প্ৰিণ্ট। সামগ্ৰীসমূহ লৈ পলাবলৈ চেষ্টা কৰাৰ সময়তে স্থানীয় লোকৰ তৎপৰতাত হাতে-লোটে ধৰা পৰে তিনিটাকৈ গভাইত চোৰ।

ৰাইজৰ জেৰাত তেওঁলোকৰ ভাষ্য অনুসৰি, এই চুৰি কাণ্ডৰ সৈতে কেৱল তেওঁলোকেই নহয়, বৰঞ্চ এটা বৃহৎ চক্ৰ জড়িত হৈ আছে। এই চক্ৰটোত আৰু কেইবাজনো সদস্য থকাৰ কথা ইতিমধ্যে স্বীকাৰ কৰিছে ধৃত চোৰ তিনিটাই।

ইফালে, স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ চোৰ কেইটাক আটক কৰে। আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে যে দীৰ্ঘদিন ধৰি এই স্থানৰ পৰা সামগ্ৰী চুৰি হৈ আহিছিল।

 

Leave a Reply

Your email address will not be published. Required fields are marked *