Share and Enjoy !

Shares

পুনৰ উত্তপ্ত হৈ পৰিছে চিৰাঙৰ ভাৰত-ভূটান সীমান্তৱৰ্তী ৰুণীখাটা ফৰেষ্ট ৰেঞ্জ অফিচ।

সংৰক্ষিত বনাঞ্চলৰ ভূমি বেদখল কৰাৰ অভিযোগত আটক কৰা লোকক মুকলি কৰাৰ দাবীত স্থানীয় লোকৰ ৰেঞ্জ অফিচ ঘেৰাও

ঘটনাত দুগৰাকী মহিলা আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে।। উত্তেজিত শতাধিক আদিবাসী পুৰুষ-মহিলাই দলবদ্ধভাবে আক্ৰমণ কৰি লণ্ড-ভণ্ড কৰিলে ৰুণীখাটা ফৰেষ্ট ৰেঞ্জৰ কাৰ্যালয়। আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰিছে উত্তেজিত জনতাই।

উত্তেজিত জনতাই।ভাঙি তচনচ কৰে ফৰেষ্ট ৰেঞ্জ অফিচৰ আচবাব, নষ্ট কৰে নথি-পত্ৰ।

ফৰেষ্ট ৰেঞ্জ কাৰ্যালয়ৰ আচবাব-পত্ৰ উলিয়াই ১২৭ নং ভাৰত-ভূটান সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছে উত্তেজিত জনতাই।

পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে কৰে লাঠীচালনা।

Leave a Reply

Your email address will not be published. Required fields are marked *