Share and Enjoy !

Shares

আজি সাত বিহুৰ চতুৰ্থ দিন আজি তাঁতৰ বিহু।

বিহুৰ চতুৰ্থ দিনা ‘তাঁতৰ বিহু’ হিচাপে পালন কৰি আহিছে অসমীয়া জাতিয়ে।ৰঙালী বিহুৰ পৰম্পৰা অনুসৰি সাত বিহুৰ অন্যতম হ’ল তাঁতৰ বিহু। অসমীয়া জনজীৱনৰ আদৰৰ সম্পদ তাঁতশালৰ গুৰুত্বক অনুধাৱনেৰে ৰঙালী বিহুৰ চতুৰ্থ দিনা তাঁতৰ বিহু পালন কৰি অহা হৈছে

ৰাজ্যৰ বিভিন্ন গ্ৰামাঞ্চলত ভিন্ন পৰম্পৰাৰে পালন কৰা হৈছে তাঁতৰ বিহু। ৰাজ্যৰ ভিন্ন প্ৰান্তত এই বিহু বিভিন্ন নিয়মৰ মাজেৰে পালন কৰা দেখা যায়। এই বছৰো তাৰ ব্যতিক্ৰম নোহোৱাকৈ তাঁতৰ বিহু পালন কৰা দেখা গৈছে।

উজনিৰ পৰা নামনিলৈ সকলো ঠাইতেই দেখা গৈছে উচ্ছ্বাস আৰু উদ্দীপনাৰে ভৰা পৰিৱেশ। ঢোল-পেঁপাৰ মিঠা সুৰত চৌদিশ ৰজনজনাই উঠিছে, মানুহৰ মন প্ৰাণো সজীৱ হৈ পৰিছে। ৰঙালী বিহুৰ এই বিশেষ দিনটোত শিপিনীসকলে তেওঁলোকৰ তাঁতশালত চাকি-বন্তি জ্বলাই পূজা-অৰ্চনা কৰে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *