কন্ঠশিল্পী মৰ্মিতা মিত্ৰলৈ জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰৰ অনুৰোধ।
জুবিন গাৰ্গৰ গীতসমূহ শুদ্ধভাৱে মঞ্চত পৰিবেশন কৰিবলৈ অনুৰোধ।জনালে
সামাজিক মাধ্যমযোগে মৰ্মিতা মিত্ৰক অনুৰোধ জনাই জুবিন গাৰ্গৰ ভগ্নীয়ে সামাজিক মাধ্যমত লিখে-
সামাজিক মাধ্যমত পামীয়ে লিখিছে, ‘‘সকলো শিল্পী-কলাকুশলী যিসকলে জুবিন দাৰ গীতসমূহ এইবাৰ ব’হাগৰ মঞ্চত অতি শ্ৰদ্ধা আৰু মৰমেৰে পাৰফৰ্ম কৰিছে, তেওঁৰ সৃষ্টিৰাজিক সন্মান জনাইছে, সেই সকলোলৈকে আমাৰ পৰিয়ালৰ ফালৰ পৰা অশেষ ধন্যবাদ জনাইছো। যদিও ধন্যবাদ এটি সৰু শব্দ মাথোঁ।’’
লগতে পামীয়ে মৰ্মিতাক লৈ লিখিছে, ‘‘মৰ্মিতা মিত্ৰলৈ বিশেষ অনুৰোধ জনাইছো যাতে জুবিন গাৰ্গৰ গীতসমূহ শুদ্ধভাৱে মঞ্চত পৰিবেশন কৰে, কাৰণ জুবিন গাৰ্গৰ সৃষ্টিৰাজি শুদ্ধভাৱে জনতাৰ মাজত, নতুন প্ৰজন্মৰ মাজত প্ৰচলিত হ’ব লাগিব। Experimentation on musical compositions and improvisation on existing compositions must be very scientifically done and shall maintain the original flavour of the compositions. My best wishes are with her.’’