Share and Enjoy !

Shares

দেওবাৰে সন্ধিয়া গুৱাহাটী মহানগৰীত ধাৰাসাৰ বৰষুণ। বৰযুণৰ ফলত নিশা কৃত্ৰিম বানে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে ।

অবিৰত বৰষুণৰ ফলত গুৱাহাটীৰ বেলতলা, হাতীগাওঁ, ৰুক্মিণী গাওঁ, পাঞ্জাবাৰী, ছয়মাইল, গণেশগুৰি, কাহিলীপাৰা, জু-ৰোড, চানমাৰি, গান্ধীবস্তি, আমবাৰী, জি এছ ৰোড, মালিগাঁও, যোৰাবাটকে ধৰি বিভিন্ন অঞ্চলত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়

তাৰ মাজতে মালিগাঁৱত সংঘটিত হয় শোকাৱহ ঘটনা ।মহানগৰীৰ মালিগাঁৱত নিশা পায়েল নাথ নামৰ আজাৰাৰ এগৰাকী মহিলা উন্মুক্ত নলাত সোমাই যায় । প্ৰায় ৪ ঘণ্টা ধৰি সন্ধানহীন হৈ থাকে মহিলাগৰাকী ।পিছত অচেতন অৱস্থাত মহিলাগৰাকীক উদ্ধাৰ কৰা হয় ।

ততাতৈয়াকৈ তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে । এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিভাগীয় কৰ্তৃপক্ষই নলাৰ ঢাকনি খুলি থোৱাৰ বাবেই মহিলাগৰাকীয়ে মৃত্যুক আঁকোৱালি ল’লে বুলিও সৰ্বত্ৰে প্ৰতিক্ৰিয়া হৈছে ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *