Share and Enjoy !

Shares

শ্ৰীভূমি জিলা আৰক্ষীৰ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান

অভিযানত নিচাজাতীয় সামগ্ৰী জব্দ কৰাৰ লগতে আৰক্ষীয়ে আটক কৰে এগৰাকী মহিলাক। ধৃত মহিলাগৰাকী গাংপাৰ পূৰাণ গাঁৱৰ বাসিন্দা আলি হুছেইনৰ পত্নী সোমুৰতা বেগম বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, বৃহস্পতিবাৰে নিশা এক গোপন সূত্ৰৰ ভিত্তিত শ্ৰীভূমি আৰক্ষীৰ এটা দলে গাংপাৰ পূৰাণ গাঁৱত আলি হুছেইনৰ বাসগৃহত অভিযান চলায়। অভিযানকালত ঘৰটোৰ পৰা প্ৰায় ১০ হাজাৰটা য়াবা টেবলেট জব্দ কৰে।

ইপিনে আৰক্ষীয়ে মহিলাগৰাকীক আটক কৰে। লগতে এই নিচাজাতীয় সামগ্ৰী সৰবৰাহকাৰী চক্ৰটোৰ সৈতে আৰু কোন কোন জড়িত হৈ আছে আৰু এই য়াবা টেবলেটসমূহ ক’ৰ পৰা অনা হৈছিল, সেই সমগ্ৰ তথ্য লাভৰ বাবে আৰক্ষীয়ে ধৃত মহিলাগৰাকীক জিম্মাত লৈ তদন্ত অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *