Share and Enjoy !

Shares

আজি অভিশপ্ত ৩০ অক্টোবৰ। অসমৰ ইতিহাসৰ এক ক’লা দিন । ২০০৮ চনৰ ৩০ অক্টোবৰ দিনটোতে ধাৰাবাহিক বিস্ফোৰণত কপি উঠিছিল সমগ্ৰ অসম ।

ক’লা ধোৱাই আৱৰি ধৰিছিল মহানগৰী ,চাৰিওফালে কেৱল হুৱাদুৱা । বহুজনে হেৰুৱাইছিল জীৱন, বহুজনে আকোৱালি লৈছিল পংগুত্ব । এই ঘটনাই অৰ্থাৎ আজি বাৰ বছৰ সম্পূৰ্ণ কৰিলে এই বিস্ফোৰনৰ ঘটনাই ।

গুৱাহাটী মহানগৰীৰ পানবজাৰ,ফাচী বজাৰ,গনেশগুৰিৰ লগতে বৰপেটা ৰোড, কোকৰাঝাৰ, বঙাইগাওঁত ২০০৮ এই ৩০ অক্টোবৰৰ দিনটোতে ধৰাবাহিক বিস্ফোৰনত কপি উঠিছিল ।

উল্লেখ্য যে, গুৱাহাটীত ৩টা, বৰপেটা ৰোডত ২টা, বঙাইগাঁৱত এটা আৰু কোকৰাঝাৰত ২টাকৈ বিস্ফোৰণ সংঘটিত হৈছিল এই দিনটোত। এই বিস্ফোৰণৰ ফলত ৮১ জন লোকৰ মৃত্যু হোৱাৰ লগতে আঘাতপ্ৰাপত হৈছিল ৪৭০ জন লোক ।

এই ধাৰাবাহিক বিস্ফোৰণৰ অভিযুক্ত বিদ্ৰোহী সংগঠন এন ডি এফ বি ৰঞ্জন দৈমাৰী গোটৰ ১৫ জনক ১০ বছৰৰ অন্তত ২০১৮ চনত দোষী সাব্যস্ত কৰা হৈছিল। পৰৱৰ্তী সময়ত ইয়াৰে কেইজনমানক দোষমুক্ত ঘোষণা কৰিছিল উচ্চ ন্যায়ালয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *