অহা ১ নৱেম্বৰত দিল্লীৰ ৰামলীলা ময়দানত এক বৃহৎ সমাৱেশ আৰু ‘দিল্লী চলো’ কাৰ্যসূচীৰ আহ্বান।
মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত বিৰোধী মিত্ৰজোঁট ‘INDIA bloc’-ৰ ‘দিল্লী চলো’ কাৰ্যসূচীৰ আহ্বান ।
এই কাৰ্যসূচীত সমগ্ৰ দেশৰ ছাত্ৰ সংগঠনসমূহৰ লগতে যুৱক-যুৱতীসকলক স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে।
সামাজিক মাধ্যম আৰু ভিডিঅ’ বাৰ্তাযোগে ৰাহুল গান্ধীয়ে অৱগত কৰে যে-দেশত ‘ভোট চুৰি’ চলিছে আৰু ভোটাৰ তালিকাৰ সংশোধনেৰে ভোটাৰৰ নাম কৰ্তন কৰা হৈছে। এই যুঁজখন কেৱল কোনো নির্দিষ্ট ৰাজনৈতিক দলৰ নহয়, বৰঞ্চ গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ এক জনআন্দোলন বুলি তেওঁ অভিহিত কৰে।
ইপিনে,তেওঁ দাবী কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্য নিৰ্বাচন আয়ুক্তৰ ভূমিকাত অসন্তুষ্ট সকলোৱে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰক। কিন্তু ভোট চুৰিৰ অভিযোগ আৰু নিৰ্বাচন আয়োগৰ ভূমিকাক লৈ ৰাজনৈতিক বিতৰ্কৰ মাজতে বিৰোধীৰ কাৰ্যসূচীৰ পৰৱৰ্তী গতিপথ এতিয়া গুৰুত্বপূৰ্ণ হৈ পৰিছে।