Share and Enjoy !

Shares

কাছাৰ আৰক্ষীয়ে বৃহৎ সাফল্য পঞ্চায়ত সভানেত্ৰীৰ‌ ঘৰৰ পৰা জব্দ ৬১৫ গ্ৰাম হেৰ’ইন আৰু ২৯০ টা নিচাজাতীয় নেট্ৰাজ’পাম টেবলেট।

কাছাৰ জিলাৰ সোণাই সমষ্টিৰ নতুন ৰামনগৰ চতুৰ্থ খণ্ডৰ বাসিন্দা তথা প্ৰাক্তন কংগ্ৰেছী সভানেত্ৰীৰ ঘৰত অভিযান চলাই সোণাই আৰক্ষীয়ে ৪০টা হেৰ’ইন ভৰ্তি চাবোনৰ বাকচ জব্দ কৰে। বাকচ কেইটাৰ পৰা মুঠ ৬১৬ গ্ৰাম হেৰ’ইন জব্দ কৰা হয়। লগতে ২৯০ টা নিচাজাতীয় Netrazopam টবলেট উদ্ধাৰ কৰা হয়।

নিষিদ্ধ ড্ৰাগছৰ মজুত ৰখাৰ অভিযোগত আৰক্ষীয়ে ঘৰৰ গৃহিণী চাবিনা ইয়েছমিন বৰভুঞাক গ্ৰেপ্তাৰ কৰে। চাবিনা ইয়েছমিন নতুন ৰামনগৰ জিপিৰ প্রাক্তন সভানেত্রী । ড্ৰাগছ সৰবৰাহৰ সৈতে জৰিত কালাইন জালালপুৰৰ ৰাজু হুছেইন নামৰ এজন যুৱককো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

উল্লেখ্য যে ধৃত চাবিনা ইয়েছমিনৰ স্বামী গুলাম ৱাজিদ বৰভুঞা ওৰফে টিংকু এজন কুখ্যাত ড্ৰাগছ মাফিয়া । ড্ৰাগছ ব্যৱসায়ৰ‌ সৈতে জৰিত থকাৰ অভিযোগত কেইবাৰো জেলৰ ভাত খাব লগীয়া হৈছিল টিংকু।

 

Leave a Reply

Your email address will not be published. Required fields are marked *