Share and Enjoy !

Shares

অনলাইন গেমৰ ভয়ংকৰ পৰিণতি ।

ফ্ৰী ফায়াৰ গেম খেলি অসমৰ এগৰাকী নাবালিকা যুৱতীক লৈ উধাও বহিঃৰাজ্যৰ এজন মুছলমান যুৱক।

অনলাইন গেমৰ জৰিয়তে এগৰাকী নাবালিকাৰ সৈতে প্ৰেম কৰি বিবাহৰ প্ৰলোভনেৰে বহিঃৰাজ্যলৈ উধাও হোৱা যুৱক চামগুৰিৰ শালনা আৰক্ষীৰ জালত ।

যোৱা ২০ এপ্ৰিলৰ পৰা নিৰুদ্দেশ হৈ আছিল শালনাৰ নাবালিকা যুৱতীগৰাকী।

নাবালিকা যুৱতী গৰাকীৰ নিৰুদ্দেশৰ পাছতেই নাবালিকা গৰাকী পৰিয়াল ওচৰ চাপে চামগুৰিৰ শালনা আৰক্ষীৰ।

পৰিয়ালৰ এজাহাৰ ভিত্তিত শালনা আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া অমিত প্ৰিতমৰ নেতৃত্বত এটা আৰক্ষীৰ দলে মধ্যপ্ৰদেশত লুকুৱাই থকাৰ অৱস্থাত উদ্ধাৰ কৰে নাবালিকা যুৱতী গৰাকীসহ বহিঃৰাজ্যৰ যুৱকজনক।

আটকাধীন বহিঃৰাজ্যৰ যুৱকজন উত্তৰ প্ৰদেশৰ চামছাদ আলম বুলি জানিব পৰা গৈছে ।

ইতিমধ্যে যুৱকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰাৰ লগতে নাবালিকা যুৱতী গৰাকীক চমজাই দিয়ে পৰিয়ালৰ লোকক।

Leave a Reply

Your email address will not be published. Required fields are marked *