জ্যেষ্ঠ অধ্যাপকৰ কু-কৰ্ম! ছাত্ৰীক শ্লীলতা হানিৰ অভিযোগত ৰঙাঘৰৰ আলহী অধ্যাপকৰজ্যেষ্ঠ অধ্যাপকৰ কু-কৰ্ম! ছাত্ৰীক শ্লীলতা হানিৰ অভিযোগত ৰঙাঘৰৰ আলহী অধ্যাপকৰ

Share and Enjoy !

Shares

গ্ৰেপ্তাৰ জ্যেষ্ঠ অধ্যাপক অজিত দত্ত। ছাত্ৰীক শ্লীলতা হানিৰ অভিযোগত বিশ্বনাথ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে জ্যেষ্ঠ অধ্যাপক অজিত দত্তক।

উল্লেখ্য যে যোৱা ২৪ আগষ্টত বিশ্বনাথ মহাবিদ্যালয়ৰ নতুনকৈ নাম ভৰ্তি কৰা ছাত্ৰ-ছাত্ৰী সকলৰ এন চি চিৰ বাবে বাছনি চলি আছিল।সেই সময়তেই ছাত্ৰী গৰাকী মহাবিদ্যালয়ৰ পৰা ঘৰলৈ গৈ থকা সময়ত ঘৰলৈকে লিফ্ট দিম বুলি লম্পট অধ্যাপক অজিত দত্তই ছাত্ৰী গৰাকীক নিজৰ গাড়ীত উঠাই লয়।ইয়াৰ পিছতে অধ্যাপক দত্তই গাড়ীৰ ভিতৰত প্ৰথমে হাতত ধৰে আৰু পিছত শৰীৰৰ বিভিন্ন অংশত স্পৰ্শ কৰাৰ লগতে বলাৎকাৰৰ চেষ্টা চলাই বুলি ভুক্তভোগী ছাত্ৰীগৰাকীয়ে কয়।।ইফালে অধ্যাপক দত্তই ছাত্ৰী গৰাকীৰ মোবাইল ফোনত প্ৰতিদিনে আপত্তিজনক মেছেজ দিবলৈ আৰম্ভ কৰে বুলি ছাত্ৰীগৰাকীয়ে কয়।

এই সমগ্ৰ ঘটনাৰ পাছতে ছাত্ৰী গৰাকীয়ে অৱগত কৰে মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাক ।লগতে অধ্যাপক অজিত দত্তৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। ।

ভুক্তভোগী ছাত্ৰীগৰাকীৰ এজাহাৰৰ ভিত্তিত অজিত দত্ত গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰাৰ পিছত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।।

Leave a Reply

Your email address will not be published. Required fields are marked *