জালনোট সৰবৰাহকাৰীৰ ঘাটিত পৰিণত গুৱাহাটী মহানগৰী। ইখনৰ পিছত সিখনকৈ জালনোটৰ ভাণ্ডাৰ উদ্ধাৰ হোৱা ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। যোৱা নিশা মহানগৰীৰ মালিগাঁও আৰু ছয়মাইলৰ পৰা আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ জালনোট।মালিগাঁও আৰু ছয়মাইলৰ পৰা আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ জালনোট।
কামাখ্যা ৰে’ল জংচনত আৰক্ষীয়ে অভিযান চলাই ৭ লাখ ৩৭ হাজাৰ টকাৰ জালনোটসহ বহিঃৰাজ্যৰ দুজন সৰবৰাহকাৰীক আটক কৰে। ধৃত অপৰাধীদ্বয়ক দয়াল দাস আৰু গোলাব শ্বেখ বুলি চিনাক্ত কৰা হৈছে। এই বৃহৎ পৰিমাণৰ ধনখিনি ঝাৰখণ্ডলৈ নিয়াৰ পৰিকল্পনা কৰিছিল দুয়ো।
ছয়মাইলতো আৰক্ষীৰ জালত সৰবৰাহকাৰী: ইফালে ছয়মাইলতো দিছপুৰ আৰক্ষীয়ে এখন বাহনৰ পৰা ২ লাখ ৫৬ হাজাৰ টকাৰ জালনোট জব্দ কৰে। ঘটনা সন্দৰ্ভত ধেমাজি চিলাপথাৰৰ দেউৰীগাঁৱৰ দেৱজিৎ দেউৰী আৰু অজয় বিশ্বকৰ্মা নামৰ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হয়।
উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে মঙলবাৰে পাঞ্জাবাৰীতো দিছপুৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই ১৩ লাখ টকাৰ জালনোট আৰু উত্তৰ প্ৰদেশৰ পঞ্জীয়নভুক্ত এখন বাহন জব্দ কৰিছিল। কানপুৰৰ পৰা অহা এই দলটোৰ তিনিজন সৰবৰাহকাৰীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। গুৱাহাটীত ক্ৰমাৎ সক্ৰিয় হৈ পৰা এই আন্তঃৰাজ্যিক জালনোট চক্ৰক উৎখাত কৰিবলৈ এতিয়া তৎপৰ হৈ পৰিছে মহানগৰ আৰক্ষী।