
হাউলী ২১ নৱেম্বৰ : মাণিক পুৰ গীতা সত্ৰত ২১নৱেম্বৰৰ পৰা ১৩০ সংখ্যক গীতা জয়ন্তী মহোৎসৱ উদযাপন আৰম্ভ হৈছে ।
এই উপলক্ষে গীতা সত্ৰৰ সত্ৰাধিকাৰ বিজুলী মিত্ৰ ৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত অসম চৰকাৰৰ প্ৰাক্তন আয়ুক্ত সচিব পৰ মেচ দত্তক ২০২৫ চনৰ কৃষ্ণানন্দ ব্ৰহ্মচাৰী বঁটা প্ৰদান কৰা হয় ৷
সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বংগৰ ৰায় গঞ্জ বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য ডক্তৰ দীপক ৰায় ,অসম সত্ৰ মহাসভাৰ সভাপতি জিতেন্দ্ৰ নাথ প্ৰধান ,সম্পাদক প্ৰধান কুসুম কুমাৰ মহন্ত
।সভাত গীতা জয়ন্তী উপলক্ষে প্ৰকাশিত স্মৰণিকা পাৰ্থ সাৰথি উন্মোচন কৰে অসম চৰকাৰৰ সাহিত্যিক বঁটা প্ৰাপক কৰুণা কান্ত ৰায়ে ৷
সভাত কোচবিহাৰ মধুপুৰ সত্ৰ আৰু উত্তৰ বংগৰ সত্ৰ আৰু নামঘৰ সমূহৰ সমন্বয় ৰক্ষী সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্তৰ বায়নক মধুপুৰ সত্ৰৰ পৰম্পৰা আৰু ঐতিহ্যক বিশ্ব মুখী কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ বাবে বিশেষ ভাৱে সন্মানিত কৰা হয়
এই সভাত অসমৰ বিভিন্ন জাতি
জনগোষ্ঠীৰ গুৰুজনাৰ অনুগামীৰ লগতে উত্তৰ বংগৰ শতাধিক ভকত বৈষ্ণৱ উপস্থিত থাকে