Share and Enjoy !

Shares

কহিনুৰ থিয়েটাৰৰ আখৰাগৃহত সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰা।

প্ৰযোজক,শিল্পীসকলৰ সৈতে মত-বিনিময় মন্ত্ৰী বিমল বৰাৰ।

মঞ্চৰত্ন ৰতন লহকৰৰ স্মৃতি বিজড়িত ঐতিহ্যমণ্ডিত কহিনুৰ থিয়েটাৰৰ আখৰাগৃহত শনিবাৰে নিশা উপস্থিত হয় অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা।

আখৰাগৃহত উপস্থিত হৈয়ে মন্ত্ৰীগৰাকীয়ে মঞ্চৰত্ন ৰতন লহকৰৰ স্থায়ী প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

ইয়াৰ পিছতে কহিনুৰ থিয়েটাৰৰ প্ৰযোজক তথা পৰিচালক তপন লহকৰ আৰু নাট্যদলৰ শিল্পী আৰু কলা-কুশলীসকলৰ সৈতে মত-বিনিময়ত মিলিত হয়।

এই উপলক্ষে তেওঁ কহিনুৰ থিয়েটাৰৰ এই বৰ্ষৰ চৰ্চিত নাট “বীভৎস”ৰ মাটি আখৰাও উপভোগ কৰে।

অনুষ্ঠানত সদৌ ভ্ৰাম্যমাণ থিয়েটাৰৰ শিল্পীসকলৰ হৈ অভিনেতা কৃষ্ণামণি নাথে মন্ত্ৰী বিমল বৰাৰ হাতত এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *