মচি পেলালে সমাজকৰ্মী সোণম ৱাংচুকৰ প্ৰতিচ্ছবি।
গুৱাহাটী মহানগৰীৰ বশিষ্ঠস্থিত উৰণ সেতুৰ এক খুঁটাত অংকন কৰা লাডাখৰ প্ৰখ্যাত পৰিৱেশ কৰ্মী সোণম ৱাংচুকৰ প্ৰতিচ্ছবি মচি পেলালে প্ৰশাসনে ।
দুজন যুৱকে উৰণসেতুখনৰ খুঁটাত সোণম ৱাংচুকৰ এই ফটোখন অংকন কৰিছিল। চৰকাৰী সম্পত্তিত অনুমতি অবিহনে এইদৰে ছবি অংকন কৰাৰ পাছতেই গুৱাহাটী মহানগৰ আৰক্ষী আৰু প্ৰশাসন তৎপৰ হৈ পৰে। ইয়াৰ পাছতেই আজি প্ৰশাসনৰ নিৰ্দেশ মৰ্মে খুঁটাত অংকিত ছবিখন সম্পূৰ্ণৰূপে মচি দিয়া হয়।