Share and Enjoy !

Shares

সোমবাৰে CGPৰ প্ৰতিবাদকাৰীক আৰক্ষীয়ে লাঠিচালনাৰ ঘটনাক কেন্দ্ৰ কৰি মঙলবাৰে ৰাজধানী দিল্লীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

লোকসভাত বিৰোধী দলপতি ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছৰ শীৰ্ষ নেতাসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসভৱন অভিমুখত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ দাবী কৰে।

এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰিয়ংকা গান্ধী ভদ্ৰা, কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, সাধাৰণ সম্পাদক কেচি বেনুগোপালকে ধৰি দলটোৰ বহু জ্যেষ্ঠ নেতা।।

“ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিব লাগিব” “প্ৰধানমন্ত্ৰীয়ে উত্তৰ দিব লাগিব” আদি শ্লোগানেৰে প্ৰধানমন্ত্ৰী মোদীৰ বাসভৱন উত্তাল পৰিৱেশৰ সৃষ্টি কৰে।

প্ৰতিবাদ চলি থকাৰ মাজতে দিল্লী আৰক্ষীয়ে কংগ্ৰেছৰ কেইবাজনো নেতাক আটক কৰে। আটক হোৱা নেতাসকলৰ ভিতৰত কংগ্ৰেছ সাংসদ কে. সুৰেশ আৰু পঞ্জাবৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চৰণজিত সিং চন্নীও আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *