ককৰোচ জনতা পাৰ্টিৰ অভিযোগৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ দেশৰ উচ্চতম ন্যায়ালয়ৰ। দিল্লীত ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদতত আৰক্ষীয়ে কৰা লাঠিচালনাৰ অভিযোগ উত্থাপন কৰি দাখিল কৰা আবেদনৰ তাৎক্ষণিক শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে।
দেশৰ মুখ্য ন্যায়াধীশ।প্ৰতিবাদী শিক্ষাৰ্থীৰ ওপৰত আৰক্ষীয়ে চলোৱা বৰ্বৰ আক্ৰমণৰ বিষয়ত আগ্ৰহী নহয়
উল্লেখ্য যে, অধিবক্তা নৰেন্দ্ৰ মিশ্ৰই বুধবাৰে মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বাধীন বিচাৰপীঠৰ সন্মুখত বিষয়টো উত্থাপন কৰি শীঘ্ৰ শুনানিৰ দাবী জনাইছিল। পিছে, আবেদনখনৰ কথা উল্লেখ কৰাৰ সময়তে মুখ্য ন্যায়াধীশে মন্তব্য কৰে, “আমাৰ সময় নষ্ট নকৰিব আৰু নিজৰ সময়ো নষ্ট নকৰিব।”
ইফালে, অধিবক্তাগৰাকীয়ে আদালতক জনায় যে ছাত্ৰসকলে নীট পৰীক্ষা সঠিকভাৱে অনুষ্ঠিত কৰা আৰু এনটিএত সংস্কাৰৰ দৰে গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰি আন্দোলন চলাই আছে। কিন্তু মুখ্য ন্যায়াধীশে তেওঁৰ বক্তব্যৰ মাজতে বাধা দি কয়, “বহুত ধন্যবাদ।” ইয়াৰ পিছত অধিবক্তাগৰাকীয়ে আৰক্ষীৰ অত্যাচাৰৰ ভিডিঅ’ প্ৰমাণ উপলব্ধ থকা বুলি দাবী কৰে যদিও বিচাৰপীঠে স্পষ্টভাৱে কয়, “ভিডিঅ’ত আমাৰ কোনো আগ্ৰহ নাই। ভিডিঅ’ চোৱাৰ বাবে আমাৰ হাতত সময় নাই।”