Share and Enjoy !

Shares

বহিঃ ৰাজ্যত মৃত্যু হোৱা অভিজিত সোণোৱালৰ মৃতদেহ পালেহি মাজুলীৰ স্ব-গৃহত।

কফিনত আৱদ্ধ হৈ ঘৰলৈ উভতিল মাজুলীৰ অভিজিত সোণোৱাল।

সোণোৱাল কছাৰীত কান্দোনৰ ৰোল, চকু চলচলীয়া প্ৰতিজনৰ।

কৰ্মসংস্থাপনৰ বাবে কেৰেলালৈ যোৱাৰ পথত উদ্ধাৰ হৈছিল অভিজিত সোণোৱালৰ মৃতদেহ।

মাজুলী জিলাৰ নয়াবজাৰ আৰক্ষী চকীৰ অন্তৰ্গত সোণোৱাল কছাৰী গাঁৱৰ অভিজিত সোণোৱাল (৩২) নামৰ এজন যুৱকৰ হায়দৰাবাদৰ কাকিনাদাত ৰহস্যজনকভাৱে মৃত্যু ঘটে।

সপোন খেদি যোৱা অভিজিত উভতিল কফিনত!’

​অনাথ হ’ল সৰু সৰু সন্তান, কনমানি তিনি জীয়ৰী, পত্নী আৰু আত্মীয়ৰ হিয়াভঙা কান্দোন

​সুস্থ শৰীৰেৰে হাতত এটা বেগ লৈ যিজন যুৱকে মাথোঁ দুমাহ পূৰ্বে সপোন খেদি কেৰেলালৈ ঢাপলি মেলিছিল… আজি তেওঁ উভতি আহিল। কিন্তু কোনো হাঁহি লৈ নহয়, এটা কাঠৰ কফিনত আবদ্ধ হৈ, নিথৰ হৈ।

​স্ব-গৃহত পালেহি বহিঃৰাজ্যত অকাল মৃত্যুক সাবটি লোৱা মাজুলীৰ সোণোৱাল কছাৰী গাঁৱৰ ৩২ বছৰীয়া যুৱক অভিজিত সোণোৱালে নশ্বৰ দেহ। অভিজিতৰ নিথৰ দেহ চোতালত ভৰি পৰাৰ লগে লগেই এক কৰুণ ক্ৰন্দনে। পত্নী, অবোধ সন্তান আৰু আত্মীয়ৰ হিয়াভঙা কান্দোনে স্তব্ধ কৰি তুলিলে সমগ্ৰ সোণোৱাল কছাৰী গাঁৱৰ পৰিৱেশ।

​ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল অভিজিত। সৰু সৰু তিনিজনিকৈ ছোৱালীক এটা সুন্দৰ ভৱিষ্যত দিয়াৰ বাবেই, পৰিয়ালটোক পোহপাল দিয়াৰ তাড়নাতেই তেওঁ বুকুত মৰসাহ বান্ধি বহিঃৰাজ্যলৈ গৈছিল। কিন্তু নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস! কামলৈ যোৱাৰ পথতেই মৃত্যু মূখত পৰে অভিজিত

​কোনে কাক বুজাব? যাৰ ওপৰত ভৰসা কৰি সমগ্ৰ পৰিয়ালটো জীয়াই আছিল, সেই মূৰব্বীজনেই আজি চিৰদিনৰ বাবে বিদায় ল’লে।

​মৃত্যুৰ খবৰ পোৱাৰ পিছৰে পৰা সমগ্ৰ মাজুলীতে শোকৰ ছাঁ পৰিছিল। পৰৱৰ্তী সময়ত অসম চৰকাৰৰ ‘শ্ৰদ্ধাঞ্জলি আঁচনি’ৰ অধীনত জীতেনৰ নশ্বৰ দেহ বহিঃ ৰাজ্যৰ পৰা বিমানেৰে ডিব্ৰুগড়লৈ আনে আৰু তাৰ পিছত এম্বুলেন্সযোগে মাজুলীৰ বাসগৃহলৈ অনা হয়।

​এই সমগ্ৰ প্ৰক্ৰিয়াত মাজুলী জিলা আৰক্ষী-প্ৰশাসন, স্থানীয় বিধায়ক, জিলা প্ৰশাসন ল’লে বিশেষ দায়িত্ব।

Leave a Reply

Your email address will not be published. Required fields are marked *