পোনপ্ৰথমবাৰ বাবে সমগ্ৰ দেশৰ লগতে ৰাজ্যত অনলাইনযোগে আৰম্ভ হ’ল জনগণনা। দেওবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ল লোকপিয়লৰ স্ব-গণনা প’ৰ্টেল http://se.census.gov.in। ১৬ আগষ্ট পৰ্যন্ত চলিব স্ব-গণনা পৰ্ব। ঘৰৰ বাহিৰত থাকিও এতিয়াৰ পৰা আপুনি নিজেই পূৰণ কৰিব পাৰিব আবেদন।দেশৰ অন্যান্য অংশৰ লগতে নগাঁও জিলাতো লোকপিয়ল ২০২৭ৰ প্ৰথম পৰ্যায়ৰ কাম আৰম্ভ হৈছে।
আজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন সংবাদমেলত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই এই কথা প্ৰকাশ কৰি জনাইছে যে- আজিৰে পৰা অহা ১৬ আগষ্টলৈ স্বগণনা কৰা হ’ব। অৰ্থাৎ নাগৰিকে পিয়লৰ চৰকাৰী ৱেব ছাইট se.census.gov.in লৈ গৈ নিজৰ মোবাইল ফোন বা লেপটপৰ জৰিয়তে আনলাইন যোগে নিজৰ তথ্যসমূহ নিজেই সন্নিৱিষ্ট কৰিব পাৰিব। প্ৰতিটো পৰিয়ালে ৩৬ টা প্ৰশ্নৰ উত্তৰ দিব লাগিব। সেয়ে স্ব-গণনাই নিজৰ লগতে গণনাকাৰীৰ সময় যথেষ্ট ৰাহি কৰিব বাবে যিসকল লোকৰ স্মাৰ্ট ফোনৰ সুবিধা আছে তেওঁলোকক নিজৰ তথ্য নিজেই দাখিল কৰিবলৈ জিলা আয়ুক্ত গৰাকীয়ে আহ্বান জনাইছে।
তেওঁ লগতে কয় যে- এইবাৰৰ লোকপিয়ল হ’ব দেশৰ অষ্টমটো পিয়ল আৰু প্ৰথমটো ডিজিটেল পিয়ল। যিসকলে পাৰে তেওঁলোকে নিজৰ তথ্য সমূহ সন্নিৱিষ্ট কৰি ৰাখিলে লোকপিয়লৰ কাম যথেষ্ট ক্ষীপ্ৰতাৰে সমাধা কৰিব পৰা যাব বুলি তেওঁ উল্লেখ কৰে। দেশৰ অৰ্থনৈতিক উন্নয়ন, নীতি নিৰ্ধাৰণ আৰু পৰিকল্পনা প্ৰস্তুতিত এনে পিয়লৰ তথ্যৰ যথেষ্ট গুৰুত্ব আছে বুলি মন্তব্য কৰি তেওঁ সকলোকে সঠিক তথ্য দাখিল কৰিবলৈ অনুৰোধ জনাইছে।
জিলা আয়ুক্তগৰাকীয়ে লগতে জনাই যে, যিসকলে নোৱাৰে তেওঁলোকে চিন্তা কৰিব নালাগে কাৰণ অহা ১৭ আগষ্টৰ পৰা ১৫ ছেপ্টেম্বৰলৈ গণনাকাৰী সকল ঘৰে ঘৰে গৈ গণনা কৰি আহিব।
তেওঁ এই প্ৰক্ৰিয়াত সম্পূৰ্ণ সহযোগ কৰিবলৈ আৰু সম্পূৰ্ণ শুদ্ধ তথ্যহে দাখিল কৰিবলৈ নগাঁও জিলাবাসীৰ প্ৰতি বিনম্ৰ আহ্বান জনাইছে।