উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ ভয়াৱহ বানে বিধ্বস্থ কৰা ৰাইজৰ সহায়ৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আদৰণি সমিতি তেজপুৰ জিলা শাখাই মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বিধায়ক পদ্ম হাজৰিকাৰ জৰিয়তে ২ লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়াইছে৷
দেওবাৰে তেজপুৰ জিলা শাখাৰ আদৰণি সমিতিৰ সভাপতি প্ৰভাকৰ বৰ্মন আৰু সম্পাদক বিপুল বৰাৰ সহিতে শংকৰদেৱ সংঘৰ এটি দলে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাক সাক্ষাৎ কৰি ২ লাখ টকাৰ এখন চেক মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ বুলি অৰ্পণ কৰে৷
উল্লেখ্য যে, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনীৰ সেৱকসকলে বানাক্ৰান্ত লোকসকলক সহায়ৰ বাবে দিন-ৰাতি একাকাৰ কৰি তিনিওখন জিলাতে অহৰহ কাম কৰি মানৱ সেৱাত আত্মনিয়োগ কৰিছে বুলি জানিবলৈ দিছে সংঘৰ বিষয়ববীয়া সকলে৷