শিক্ষকৰ বদলিক লৈ ডাঙৰ খবৰ। মাধ্যমিক পৰ্যায়ৰ শিক্ষকৰ পাৰস্পৰিক বদলিক লৈ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ডাঙৰ মন্তব্য
মাধ্যমিক পৰ্যায়ৰ শিক্ষকৰ পাৰস্পৰিক বদলিত অনুমোদ ৰাজ্যৰ শিক্ষা বিভাগৰ। ৰাজ্যৰ ১,৩৪৪গৰাকী মাধ্যমিক পৰ্যায়ৰ শিক্ষকৰ হ’ব পাৰস্পৰিক বদলি।
কম সময়ৰ ভিতৰতে সংশ্লিষ্ট শিক্ষক-শিক্ষয়িত্ৰীয়ে লাভ কৰিব জাননী। মাধ্যমিক পৰ্যায়ত পাৰস্পৰিক বদলিৰ বাবে আবেদন কৰিছিল ১,৪৯৪ খন। ইয়াৰে ১,৩৪৪ খন আবেদনত অনুমোদন শিক্ষা বিভাগৰ।
শিৱসাগৰ আৰু চৰাইদেউৰ বানপীড়িত বিদ্যালয় পৰিদৰ্শন কৰি এই মন্তব্য কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে।