Share and Enjoy !

Shares

গোলাঘাটৰ বাদুলিপাৰত শোকাৱহ ঘটনা। ইটাভাটাৰ কাষৰ গাঁতত পৰি মৃত্যু এজনলোকৰ। মৃত লোকজন বাদুলিপাৰৰ হিমাদ্ৰী ভট্টাচাৰ্য বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, স্থানীয় এটা ইটাভাটাৰ মালিকে ইটা প্রস্তুত কৰাৰ উদ্দেশ্যে মাটি খান্দি দ গাঁতৰ সৃষ্টি কৰিছিল। পথৰ দাঁতিতে থকা এই মুকলি গাঁতটোত ভট্টাচাৰ্য পৰি যায় আৰু ঘটনাস্থলীতে মৃত্যু হয়

ঘটনাক কেন্দ্ৰ কৰি বাদুলিপাৰ অঞ্চলত তীব্র চাঞ্চল্যৰ সৃষ্টি কৰে।

স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি, অঞ্চলটোত ইটাভাটাৰ মালিকে দীৰ্ঘদিনৰ পৰা অনিয়ম আৰু অবৈধভাৱে মাটিত গভীৰ গাঁত খান্দি আহিছিল। এই সন্দৰ্ভত স্থানীয় লোকে বাৰম্বাৰ প্ৰশাসনক অভিযোগ প্ৰদান কৰি আহিছিল যদিও জিলা প্রশাসন তথা দায়িত্বশীল বিভাগে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে।

আনহাতে প্ৰশাসনৰ এই অনীহা আৰু অৱহেলাৰ বাবেই আজি এজন নিৰপৰাধ লোকে প্রাণ হেৰুৱাবলগীয়া হ’ল বুলি স্থানীয় ৰাইজে সৰৱ হৈ পৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *