Share and Enjoy !

Shares

সমগ্ৰ দেশজুৰি আৰম্ভ হ’বলগীয়া জনগণনা কাৰ্যসূচীৰ প্ৰ-পত্ৰ আৰু ‘স্ব-গণনা’ পৰ্টেলত ভাৰতীয় সংবিধান স্বীকৃত বড়ো ভাষাক সন্নিৱিষ্ট নকৰাৰ ঘটনাত তীব্ৰ ক্ষোভ প্ৰকাশ নিখিল বড়ো ছাত্ৰ সন্থাৰ ।

সংবিধানৰ অষ্টম সূচীত অন্তৰ্ভুক্ত বড়ো ভাষাক জনগণনাৰ পৰ্টেলত সংযোজন কৰাৰ দাবীত চিৰাং জিলা এবছুৱে জিলাখনৰ কাজলগাঁৱত জিলা আয়ুক্ত গকুল চন্দ্ৰ ব্ৰহ্মক এক স্মাৰক পত্ৰ প্ৰদান কৰে।

ভাৰতৰ সংবিধান স্বীকৃত ২২ টা চৰকাৰী ভাষাৰ ভিতৰত ৬ টা ভাষা বাদ দি ১৬ টা ভাষাহে স্ব-গণনা পৰ্টেলত উপলব্ধ কৰোৱা হৈছে, য’ত বড়ো ভাষাক অন্তৰ্ভুক্ত কৰা হোৱা নাই। বিটিআৰ তথা বড়ো অধ্যুষিত অঞ্চলৰ সৰহসংখ্যক লোকেই বড়ো ভাষাৰ বাহিৰে অন্য ভাষা সহজে বুজি নাপায়। ফলত এইসকল লোকে অনলাইন স্ব-গণনা পৰ্টেলত পৰিয়ালৰ সঠিক তথ্য দাখিল কৰাৰ পৰা বঞ্চিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়সমূহৰ এজন বা দুজন শিক্ষক থকা স্কুলবোৰৰ শিক্ষকসকলক জনগণনাৰ কৰ্তব্যৰ পৰা ৰেহাই দিবলৈ জিলা প্ৰশাসনক স্মাৰক পত্ৰৰ জৰিয়তে আহ্বান জনোৱা হৈছে।

আনহাতে, চিৰাং জিলা এবছুৰ সভাপতি দিলীপ বসুমতাৰীয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি কয় যে, “কেন্দ্ৰীয় চৰকাৰে জনগণনাৰ প্ৰপত্ৰ আৰু স্ব-গণনা পৰ্টেলৰ পৰা সংবিধান স্বীকৃত বড়ো ভাষাক কৰ্তন কৰাটো অতি দুৰ্ভাগ্যজনক। যেতিয়ালৈকে এই পৰ্টেলত বড়ো ভাষা সন্নিৱিষ্ট কৰা নহয়, তেতিয়ালৈকে বিটিচি এলেকাত জনগণনাৰ কাম-কাজ চলোৱাত গুৰুতৰ প্ৰত্যাহ্বানৰ সৃষ্টি হ’ব।”

Leave a Reply

Your email address will not be published. Required fields are marked *