Share and Enjoy !

Shares

আজি উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ নেপালীখুঁটিত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা।

বুধবাৰে পুৱাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সংগী কৰি শিৱসাগৰ, চৰাইদেউৰ বান পৰিস্থিতি পৰ্যবেশক্ষণ কৰিবলৈ উপস্থিত হয় ।

তেওঁ পুৱা প্ৰায় ৯-১৫ বজাত নেপালীখুঁটিৰ কেইবাটাও আশ্ৰয় শিবিৰত থকা পৰিয়ালৰে মত-বিনিময় কৰে। ট্ৰেক্টৰত উঠি চণ্টক, নেপালীখুঁটি আদি এলেকা পৰিদৰ্শন কৰাৰ লগতে বন্যাৰ্তসকলৰ মনৰ বুজ লয় নাড্ডাই।

তেওঁৰ এই পৰিদৰ্শনকালত সংগ দিয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী অশোক সিংঘালে। লগতে কেইবাগৰাকী উচ্চ পদস্থ বিষয়া।

 

Leave a Reply

Your email address will not be published. Required fields are marked *