Share and Enjoy !

Shares

মঙলদৈত বুজন পৰিমাণৰ ড্ৰাগছসহ জব্দ দুই লাখ টকা নগদ ধন।। লগতে তিনিজন লোকক আটক কৰে আৰক্ষীয়ে।

উল্লেখযোগ্য যে, মঙলবাৰে বেজপাৰাত বিলাসী বাহনত ড্ৰাগছ সৰবৰাহ কৰিবলৈ যাওঁতেই আৰক্ষীৰ নাকা চেকিঙত ধৰা পৰে এখন বাহন

অৱশ্যে নাকা চেকিঙৰ মুখামুখি হোৱাৰ পৰা পলাবলৈ চেষ্টা কৰা বাহনখন এক দুৰ্ঘটনাত পতিত হয়। মহিন্দ্ৰা XUV500 বাহনখনৰ নম্বৰ হৈছে এ এছ ০১ জি ভি ২৬৯৯। মঙলদৈ আৰক্ষীয়ে বিলাসী বাহনখনৰ পৰা উদ্ধাৰ কৰে প্ৰায় ২০ লাখ টকাৰ ড্ৰাগছসহ নগদ ২ লাখ টকা ।

আনহাতে গাড়ীৰ ভিতৰত অৰুণাচলৰ অন্য দুখন বেলেগ নম্বৰ প্লেট উদ্ধাৰ কৰা হয়। ইফালে আটক কৰা ধৃত তিনি যুৱক হৈছে ক্ৰমে- মঙলদৈ গা ধোৱাৰ ইউচুফ আলি, পাঠশালাৰ সঞ্জীৱ কলিতা আৰু মঙলদৈ নগৰবাহীৰ হবিবুৰ ৰহমান বুলি জানিব পৰা গৈছে। আটকাধীন তিনি যুৱকক ইতিমধ্যে জোৰদাৰ জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *