লাচিত দিৱস উদযাপন কৰিবলৈ গৈ সন্ধানহীন যুৱকলাচিত দিৱস উদযাপন কৰিবলৈ গৈ সন্ধানহীন যুৱক

Share and Enjoy !

Shares

লাচিত দিৱস উদযাপন কৰিবলৈ গৈ সন্ধানহীন যুৱক।

টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত দিহা গছপুৰীয়া অঞ্চলৰ ১৬ বছৰীয়া কিশোৰ মৃগাংক বৰা লাচিত দিৱসৰ দিনাৰ পৰা নিৰুদ্দেশ হৈ আছে। ইতিমধ্যে পৰিয়ালৰ লোকে লাহদৈগড় আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।

জানিব পৰা মতে কিশোৰজন উক্ত দিনাই চাইকেলেৰে হোলোঙাপাৰস্থিত লাচিত মৈডামত উদযাপন কৰা লাচিত দিৱসৰ অনুষ্ঠান উপভোগ কৰিবলৈ ঘৰৰ পৰা উলাই গৈছিল আৰু এই পৰ্যন্ত ঘূৰি অহা নাই।উল্লেখযোগ্য যে পৰিয়ালৰ লোকে আত্মীয় স্বজনৰ লগতে লগৰীয়া সকলোৰে সৈতে যোগাযোগ কৰি আছে যদিও এই পৰ্যন্ত কোনো সম্ভেদ নাপাই কোনো দুষ্ট চক্ৰৰ কবলত পৰিছে বুলি সন্দেহ কৰিছে।

কোনো ব্যক্তিয়ে কিশোৰ গৰাকীৰ সম্ভেদ পালে 9101999901 এই নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে।

Leave a Reply

Your email address will not be published. Required fields are marked *