বিজনীৰ ৩ নং চিকাঝোৰাত বন্যহস্তীৰ তাণ্ডৱ;বন্যহস্তীৰ তাণ্ডৱত আতংকিত স্থানীয়লোকবিজনীৰ ৩ নং চিকাঝোৰাত বন্যহস্তীৰ তাণ্ডৱ;বন্যহস্তীৰ তাণ্ডৱত আতংকিত স্থানীয়লোক

Share and Enjoy !

Shares

বিজনীৰ ৩ নং চিকাঝোৰাত বন্যহস্তীৰ তাণ্ডৱ। ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলত খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীয়ে চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত ৩ নং চিকাঝোৰা গাঁৱত তাণ্ডৱ চলাই। বন্যহস্তীৰ জাকটোয়ে ৩নং চিকাঝোৰা গাঁৱৰ পৰশুৰাম চৌহান, গৰিৱ চৌহান, ঝব্বৰ চৌহান আৰু প্ৰদীপ গুহৰ তামোল বাগান ভাঙি তহিলং কৰে লগতে ২ নং চিকাঝোৰা গাওঁৰ সঞ্জয় চক্ৰৱৰ্তীৰ এক বিঘা মাটি,মানিক চক্ৰৱৰ্তীৰ ৫০ লেচা মাটিৰ তামোল গছ ভাঙি তহিলং কৰি কৃষক সকলৰ ব্যাপক ক্ষতি সাধন কৰে।

২নং চিকাঝোৰা নিবাসী দীপক চক্ৰৱৰ্তীৰ এক বিঘা মাটিৰ পানী লাউ খেতিৰ ভাঙি তহিলং কৰে। প্ৰত্যেকজনৰ এক বিঘাতকৈ অধিক মাটিৰ তামোল গছ হাতীয়ে ভাঙি তহিলং কৰে।

নিশা হ’লেই বন্যহস্তীৰ উপদ্ৰৱৰ বাবে স্থানীয়লোকে বৰ্তমান আতংকিত হৈ পৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *