Share and Enjoy !

Shares

সাময়িকভাৱে অন্ত অ’লা, উবেৰ, ৰেপিড’ আৰু টেক্সি চালক-গৰাকী সন্থাৰ প্ৰতিবাদ।

অসম চৰকাৰৰ পৰিবহণ বিভাগৰ সহকাৰী আয়ুক্তৰ সৈতে হোৱা আলোচনাৰ পাছতে বুধবাৰে দুপৰীয়া কেব মালিক আৰু চালক সন্থাই ১৭ ছেপ্টেম্বৰলৈকে নিজৰ প্ৰতিবাদ স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে

অসম চৰকাৰৰ পৰিবহণ বিভাগৰ সহকাৰী আয়ুক্তৰ সৈতে হোৱা আলোচনাৰ সময়ত চালক আৰু কেব মালিক সন্থাৰ বিভিন্ন দাবী সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়।

ইতিমধ্যে সন্থাৰ ফালৰ পৰা অ’লা আৰু উবেৰ কৰ্তৃপক্ষলৈ এই সন্দৰ্ভত আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰা হৈছে। সংশ্লিষ্ট প্ৰতিষ্ঠানসমূহে চালক আৰু কেব মালিকসকলৰ দাবীসমূহৰ ওপৰত কি পদক্ষেপ গ্ৰহণ কৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি ১৭ ছেপ্টেম্বৰলৈকে আন্দোলন স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে।

আজিৰেপৰা গুৱাহাটী মহানগৰীত পুনৰ স্বাভাৱিকভাৱে চলিব অ’লা, উবেৰ আৰু ৰেপিড’ৰ অনলাইন এপভিত্তিক যাতায়াত সেৱা।

Leave a Reply

Your email address will not be published. Required fields are marked *