Share and Enjoy !

Shares

ধেমাজি জিলাৰ তেলামত লোমহৰ্ষক হত্যাকাণ্ড। গাৰ নোম শিয়ৰি উঠা কাণ্ডই সমগ্ৰ জোনাইৰ লগতে ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

অভিযোগ অনুসৰি, এগৰাকী প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষকে কুঠাৰেৰে ঘপিয়াই নিজৰ পৰিয়ালটোক শেষ কৰি দিয়ে। এই ঘটনাত লোকজনৰ পত্নী, তেওঁলোকৰ দুজনী কন্যা আৰু এজন পুত্ৰ সন্তানৰ কৰুণ মৃত্যু হয়।

উল্লেখ্য যে, পত্নী আৰু তিনি সন্তানক নৃশংসভাৱে হত্যা কৰা অভিযুক্ত লোকজনক ফিৰোজ আলী বুলি চিনাক্ত কৰা হৈছে। ফিৰোজ আলী পেছাত গামচুক প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক হিচাপে কৰ্মৰত আছিল।

আজি পুৱাই এই ভয়ংকৰ হত্যাকাণ্ডৰ বিষয়ে স্থানীয় ৰাইজে জানিব পৰাৰ পিছতে অঞ্চলটোত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে অভিযুক্ত ফিৰোজ আলীক গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *