আজি গুৱাহাটীলৈ আহিব দেশৰ উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন।
দুদিনীয়া কাৰ্যসূচীৰে উপস্থিত হৈ অংশ ল’ব কেইবাটাও কাৰ্যসূচীত।
কলাক্ষেত্ৰত গীতানগৰ কলেজৰ সোণালী জয়ন্তী বৰ্ষৰ অনুষ্ঠানত ল’ব অংশ।
জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰতো আছে বিশেষ কাৰ্যসূচী।
শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত ল’ব অংশ।
কাইলৈ পুৱাৰ ভাগত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে দৰ্শন কৰিব কামাখ্যা মন্দিৰ।
তাৰপাছতে গুৱাহাটী বিশ্ববিদ্যালয়ত একাধিক কাৰ্যসূচীত কৰিব অংশগ্ৰহণ।
উত্তৰ-পূবৰ ৪ ৰাজ্য ভ্ৰমণ কৰিব উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে।