চামগুৰিত দিনক-দিনে বৃদ্ধি পাইছে বন্যহস্তীৰ উপদ্ৰৱ।
বিগত বহু বছৰ ধৰি বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশ কৰি আহিছে বন্যহস্তীৰ জাকে।
বন্যহস্তীৰ জাকে ঘৰ-দুৱাৰ, ভাঙি তহিলং কৰাৰ ওপৰিও অনিষ্ট কৰিছে কৃষকৰ সপোনৰ খেতি।
চামগুৰিৰ হাঁহচৰা,বৰালী গাঁও, শিঙিয়া পথাৰত বন্যহস্তীয়ে চলাইছে উপদ্ৰৱ।
নিশা হ’লেই বন্যহস্তীয়ে পথাৰত প্ৰৱেশ কৰি খেতি খোৱাৰ ওপৰিও গছকি যথেষ্ট ক্ষতি সাধন কৰে।
প্ৰতি বছৰৰ দৰে এইবাৰো বন্যহস্তীৰ উপদ্ৰৱৰ ফলত ব্যাপক ক্ষতিৰ সন্মুখীন হৈছে চামগুৰিৰ বিভিন্ন অঞ্চলৰ কৃষকসকল।
বহু কষ্ট আৰু পৰিশ্ৰমেৰে কৰা খেতি ডৰা চকুৰ সন্মুখতে নষ্ট হোৱাত এতিয়া মূৰে কপালে হাত দিবলগীয়া চহা কৃষক সকলে।
বন্যহস্তীৰ উপদ্ৰৱৰ পৰা গেৰ ধৰা খেতি সমূহ ৰক্ষা কৰিবলৈ বন বিভাগে স্থায়ী ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে অনিষ্ট হোৱা খেতিৰ উচিত ক্ষতিপূৰণ প্ৰদানৰ দাবী জনাইছে ক্ষতিগ্ৰস্ত কৃষকসকলে।