জল্পনা-কল্পনাৰ অন্ত! আজি গেৰুৱা বসন পিন্ধিব সদ্যপ্ৰাক্তন প্ৰশাসনিক বিষয়া দেৱাশীষ শৰ্মাই । নগাঁৱৰ সদ্যপ্ৰাক্তন জিলা আয়ুক্ত শৰ্মাই এইবাৰ ৰাজনৈতিক জীৱন আৰম্ভ কৰাৰ উদ্যেশ্যেয় বিজেপিত যোগদান কৰিব ।
মঙলবাৰে আবেলি ৫ বজাত অসম ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত আনুষ্ঠানিকভাৱে দলটোত যোগদান কৰিব ।
উল্লেখ্য যে, ৬ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত দেৱাশীষ শৰ্মা বিজেপিৰ প্ৰাৰ্থী হ’ব বুলি ব্যাপকভাৱে চৰ্চা চলিছে । চাকৰি জীৱনৰ পৰা স্বেচ্ছাই অৱসৰ গ্ৰহণ কৰা শৰ্মাই অৱশেষত সকলো জল্পনা-কল্পনাৰ ওৰ পেলাই বিজেপিত যোগদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।