৮ বছৰে বন্ধ হৈ থকা বগীধলা চাহ বাগিচা খোলাৰ দাবীত আজি গোলাঘাটত অসম চাহ জনজাতি ছাত্ৰ সন্থাই (আটছা) ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।
আটছাৰ গোলাঘাট জিলা সমিতিৰ উদ্যোগত আৰু গোলাঘাট, খুমটাই, বোকাখাত, দেৰগাঁও, বৰপথাৰ আৰু সৰুপথাৰ শাখাৰ সহযোগত জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত এই ধৰ্ণা অনুষ্ঠিত হয়।
ধৰ্ণাৰ জৰিয়তে সংগঠনটোৱে দুটা গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰে। প্ৰথম দাবী, দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা বগীধলা চাহ বাগিচাৰ বন্ধ প্ৰত্যাহাৰ কৰিব লাগে। দ্বিতীয় দাবী, বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ থকা জিলাখনৰ চাহ বাগিচাসমূহৰ জ্বলন্ত সমস্যাসমূহৰ স্থায়ী সমাধান কৰিব লাগে।
বাগিচাখন বন্ধ হৈ থকাৰ ফলত শ শ চাহ শ্ৰমিকৰ জীৱন-জীৱিকালৈ ভাবুকি আহিছে বুলি উল্লেখ কৰি আটছাই শীঘ্ৰে বাগিচাখন খোলাৰ বাবে চৰকাৰ আৰু জিলা প্ৰশাসনক দাবী জনায়।