পাৰিবাৰিক সংঘাটৰ ভয়ংকৰ পৰিণতি! কুমাৰ ভাস্কৰ বৰ্মা সেঁতুৰ পৰা ব্ৰহ্মপুত্ৰত জাঁপ অট’ চালকৰ।
পত্নীৰ সৈতে হোৱা পাৰিবাৰিক কাজিয়াৰ পৰিণতিত কুমাৰ ভাস্কৰ বৰ্মা সেঁতুৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুত মৰণ জাঁপ ২৮ বছৰীয়া যুৱকৰ।
যুৱকজনৰ নাম ৰঞ্জীত কুমাৰ বুলি জানিব পৰা গৈছে আৰু তেওঁ পেচাত এজন অট’ ৰিক্সা চালক।
ৰঞ্জীত কুমাৰৰ পিতৃৰ নাম শ্যাম চুন্দৰ মহত্ব বুলি জানিব পৰা গৈছে।
ঘটনাৰ অনুসৰি, যুৱকজনে নিজৰ AS01 MC 9430 নম্বৰৰ অট’খন কুমাৰ ভাস্কৰ বৰ্মা সেঁতুৰ ওপৰত ৰাখি নদীৰ বুকুত জাঁপ দিয়ে।
পিছে ব্ৰহ্মপুত্ৰত জাঁপ দিয়াৰ পিছত তেওঁ সাঁতুৰি পলাশবাৰীৰ দিশে গৈ থকা অৱস্থাত এখন নাৱৰ লোকে প্ৰত্যক্ষ কৰে আৰু লগে লগে তেওঁক পানীৰ পৰা জীৱিত অৱস্থাত উদ্ধাৰ কৰে।
উদ্ধাৰকাৰী লোকসকলে যুৱকজনক আজাৰা আৰক্ষীক চমজাই দিয়ে।
আজাৰা আৰক্ষীয়ে যুৱকজনক প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পিছত পৰৱৰ্তী ব্যৱস্থাৰ বাবে ভৰলুমুখ আৰক্ষীৰ হাতত অৰ্পণ কৰে।
আৰক্ষীৰ জেৰাত যুৱকজনে স্বীকাৰ কৰে যে পত্নীৰ সৈতে হোৱা বিবাদৰ বাবেই তেওঁ ঘৰৰ পৰা ওলাই আহি এই চৰম সিদ্ধান্ত লৈছিল।
বৰ্তমান যুৱকজন সম্পূৰ্ণৰূপে সংকটমুক্ত।
ভৰলু আৰক্ষীয়ে সোধা-পোছা সম্পূৰ্ণ কৰাৰ অন্তত যুৱকজনক তেওঁৰ পৰিয়ালৰ লোকৰ হাতত সুকলমে চমজাই দিয়ে