নগাঁও জিলাৰ আটিকামপুৰ অঞ্চলত বিধ্বংসী অগ্নিকাণ্ড
অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান।
প্ৰাপ্ত তথ্য অনুসৰি,শুকুৰবাৰে নিশা হঠাৎ দোকান দুখনত জুইৰ সূত্ৰপাত ঘটে।মুহূৰ্তৰ ভিতৰতে জুইৰ শিখাই ভয়াৱহ ৰূপ ধাৰণ কৰে আৰু দুয়োখন ব্যৱসায় প্ৰতিষ্ঠান আৱৰি ধৰে। ঘটনা সম্পৰ্কে স্থানীয় ৰাইজে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে।খবৰ পোৱাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হয় আৰু চালক-কৰ্মীসকলে স্থানীয় ৰাইজৰ সহায়ত কঠোৰ প্ৰচেষ্টা চলাই জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।
অগ্নিকাণ্ডৰ ফলত দোকান দুখনত থকা লক্ষ্যাধিক টকাৰ সামগ্ৰী সম্পূৰ্ণৰূপে জুইত জাহ যায়। অৱশ্যে অগ্নিকাণ্ডটো কেনেদৰে সংঘটিত হ’ল সেই সন্দৰ্ভত বৰ্তমানলৈকে কোনো তথ্য জানিব পৰা হোৱা নাই।