Share and Enjoy !

Shares

শ্রীভূমি চহৰত ধাৰাবাহিক চুৰিকাণ্ড ।

দুৰ্গাপূজাৰ প্ৰাকমুহূৰ্তত শ্ৰীভূমি চহৰত একেসময়তে তিনিটাকৈ ঘৰত চুৰিকাণ্ড।

চহৰৰ উকিলপট্টি আৰু এ চি সেন ৰোডৰ তিনিটা ঘৰত চোৰৰ দলে চলালে লুটপাট। এই ঘটনাক কেন্দ্ৰ কৰি চহৰজুৰি চাঞ্চল্যৰ লগতে আতংকৰ সৃষ্টি হৈছে । বিশেষকৈ দুৰ্গাপূজাৰ বন্ধত ঘৰ-দুৱাৰ তলা লগাই বাহিৰলৈ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰা বাসিন্দাসকলৰ মাজত বৃদ্ধি পাইছে উদ্বেগ।

চিচি কেমেৰাত বন্দী দৃশ্য অনুসৰি, নিশা প্ৰায় ২ বজাত সংঘটিত হয় এই চুৰিকাণ্ড। শ্ৰীভূমি পৌৰসভাৰ ১১ আৰু ১২ নম্বৰ ৱাৰ্ডৰ মনোজিৎ পাল, লিটন দাস আৰু সুনীল দাসৰ ঘৰত সংঘটিত হৈছে চুৰিকাণ্ড।

ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। ঘটনাস্থলীত শ্ৰীভূমি পৌৰসভাৰ উপ-পৌৰপতিও উপস্থিত হয়।

ইফালে, চিচিটিভি ফুটেজত তিনিজন চোৰৰ অস্পষ্ট দৃশ্য বন্দী হৈছে। অৱশ্যে তিনিওটা চুৰিকাণ্ডত মুঠ কিমান পৰিমাণৰ ধন-সম্পত্তি চুৰি হৈছে, সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

দুৰ্গাপূজাৰ প্ৰাকমুহূৰ্তত চহৰৰ মাজমজিয়াৰ জনবহুল এলেকাত একেলগে তিনিটাকৈ চুৰিকাণ্ড সংঘটিত হোৱাত শ্ৰীভূমিৰ বাসিন্দাসকলৰ মাজত ব্যাপক আতংকৰ সৃষ্টি হৈছে।

আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও চহৰৰ মাজমজিয়াত জনবহুল এলাকাত একেৰাহে তিনিটাকৈ চুৰিকাণ্ড সংঘটিত হোৱাক লৈ আৰক্ষীৰ নৈশ প্ৰহৰা ব্যৱস্থাক লৈও প্ৰশ্ন উত্থাপিত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *