Share and Enjoy !

Shares

অবৈধ গাঞ্জাৰ বিৰুদ্ধে অভিযান ডবকা আৰক্ষী। গোপন সূত্ৰৰ ভিত্তিত চলোৱা এক অভিযানত ডবকা বজাৰৰ পৰা ১৮৪ গ্ৰাম নিচাজাতীয় সামগ্ৰীসহ এজন লোকক আটক আৰক্ষীৰ

আটকাধীন লোকজনক অবিষেক মজুমদাৰ বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, ডবকা বজাৰত অৱস্থিত নিজ বাসগৃহৰ সন্মুখৰ পান দোকানখনৰ জৰিয়তে অবিষেক মজুমদাৰে দীৰ্ঘদিনৰ পৰা অবৈধভাৱে নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায় চলাই আছিল।

গোপন তথ্য লাভ কৰাৰ পিছত ডবকা আৰক্ষীৰ এটা দলে উক্ত দোকানখনত হঠাতে অভিযান চলায় ।তালাচী কালত দোকানখনৰ পৰা ১৮৪ গ্ৰাম নিচাজাতীয় সামগ্ৰীৰ লগতে আন কেইবাটাও আপত্তিজনক সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী।

Leave a Reply

Your email address will not be published. Required fields are marked *