ৰঙিয়াৰ পশ্চিম বড়িগোগ আঞ্চলিক মহাবিদ্যালয় প্ৰাংগণত অপ্ৰীতিৰক ঘটনা।
মহাবিদ্যালয়খনৰ নৱাগত আদৰণি সভা চলি থকাৰ সময়তে বিদ্যালয়ৰখনৰ চৌহদত বাহনত অনৈতিক কাৰ্যত লিপ্ত থকা অৱস্থাত স্থানীয় ৰাইজে এযোৰ যুৱক-যুৱতীক ধৰা পেলাই আৱদ্ধ কৰি ৰাখে।
এই ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ কলেজ চৌহদত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰে। মহাবিদ্যালয়খনত উলহ-মালহেৰে নৱাগত আদৰণি সভাৰ কাৰ্যসূচী চলি থকাৰ সময়তে এই লজ্জাজনক কাণ্ড পোহৰলৈ আহে।
ঘটনাটো সন্দৰ্ভত স্থানীয় প্ৰশাসন তথা আৰক্ষীক অৱগত কৰা হয়। এনে অসামাজিক কাণ্ড সংঘটিত হোৱা ঘটনাক লৈ স্থানীয় অভিভাবক আৰু সচেতন ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে নিৰাপত্তা ব্যৱস্থা কঢ়া কৰাৰ দাবী জনাইছে