নগাঁও লোকসভা সমষ্টিৰ সমাগত উপ-নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ মাজত ব্যাপক প্ৰচাৰ অভিযান অব্য়াহত আছে।
আজি ৰাইদঙীয়া বড়ি খেলপথাৰত আয়োজিত নিৰ্বাচনী প্ৰচাৰ সভাত বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দলীয় প্ৰাৰ্থী দেৱাশিস শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়।
ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা উন্নয়নমূলক আঁচনিসমূহৰ খতিয়ান দাঙি ধৰে। সভাত বিজেপি দলৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়া, মন্ত্ৰী কেশৱ মহন্ত, পীয়ুষ হাজৰিকা, নিলীমা দেৱী, সাংসদ বিৰেণ বৈশ্য, নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, বিধায়ক প্ৰদ্যুৎ বৰদলৈকে ধৰি কেইবাগৰাকী নেতা-কৰ্মী উপস্থিত থাকে।