Share and Enjoy !

Shares

SRDৰ জৰিয়তে নিয়মীয়া হোৱা শিক্ষকৰ বাবে সুখবৰ।

শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে।দিলে এই সুখবৰ

SRDৰ জৰিয়তে নিয়মীয়া হোৱা ১৫,০২৯গৰাকী শিক্ষকৰ দৰমহা ৰাজ্যিক কোষাগাৰৰ জৰিয়তে ৰাজ্য চৰকাৰৰ পুঁজিৰ পৰা প্ৰদান কৰা হ’ব।

চলিত মাহৰ পৰাই কোষাগাৰসমূহৰ জৰিয়তে SRDৰ জৰিয়তে নিয়মীয়া হোৱা শিক্ষকে লাভ কৰিব দৰমহা। ইয়াৰ বাবে প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰিছে বিদ্যালয় শিক্ষা বিভাগে।

অৰ্থাৎ এতিয়াৰে পৰা SRD শিক্ষকসকলে ১০০ শতাংশই ট্ৰেজাৰীৰ জৰিয়তে দৰমহা লাভ কৰিব।

শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে জনোৱা অনুসৰি, সমগ্ৰ শিক্ষা আঁচনিৰ “শিক্ষকৰ দৰমহাৰ বাবে আৰ্থিক সহায়” শিতানৰ অধীনত PAB-এ অনুমোদন জনোৱা সমগ্ৰ ধন ১০,২৬৭গৰাকী SSA চুক্তিভিত্তিক শিক্ষকৰ দৰমহাৰ বাবেই SNA-SPARSHৰ জৰিয়তে ব্যৱহাৰ কৰা হ’ব।

সংশ্লিষ্ট কৰ্তৃপক্ষক প্ৰয়োজনীয় SOP জাৰি কৰা, সঠিকভাৱে ৰূপায়ণ নিশ্চিত কৰা আৰু পুঁজিৰ সময়মতে ব্যৱহাৰ নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। শিক্ষকসকলক সহায় আগবঢ়োৱাৰ লগতে অসমৰ শিক্ষা ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বুলি মন্তব্য কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *