আজি ৯নং নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন। পুৱা ৭ বজাৰ পৰা আৰম্ভ হ’ব ভোটগ্ৰহণ। বিয়লি ৫ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ভোটগ্ৰহণ আৰম্ভ হোৱাৰ পূৰ্বেই সমষ্টিটোৰ বিভিন্ন বিধানসভা সমষ্টিত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ভোটাৰসকল ভোটকেন্দ্ৰলৈ ওলাই আহিছে।
নগাঁও আৰু মৰিগাঁও জিলা প্ৰশাসনে সুকলমে ভোটগ্ৰহণ সম্পন্ন কৰাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। আইন-শৃংখলা আৰু নিৰ্বাচনী আচৰণ বিধি বলৱৎ কৰাৰ ক্ষেত্ৰতো নিৰ্বাচন আয়োগে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।
৯নং নগাঁও লোকসভা সমষ্টিৰ সমষ্টিটোৰ অন্তৰ্গত ৫৪ নং মৰিগাঁও বিধানসভা সমষ্টিতো পুৱাৰ পৰাই ভোটাৰসকলৰ উপস্থিতি পৰিলক্ষিত হয়।
পুৱাই নিজৰ গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে মৰিগাঁও বিধানসভা সমষ্টিৰ বিজেপি বিধায়ক ৰমাকান্ত দেউৰীয়ে। চাবুকধৰা পঞ্চায়তৰ অন্তৰ্গত দেওৰাবড়ি প্ৰাথমিক বিদ্যালয়ৰ ২৬১ নম্বৰ ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হৈ বিধায়কগৰাকীয়ে নিজৰ ভোটদান কৰে।
ভোটদান সাব্যস্ত কৰাৰ পাছত সংবাদ মাধ্যমৰ আগত বিধায়ক দেউৰীয়ে কয় যে, “যদি ভোটগ্ৰহণ কেন্দ্ৰসমূহত ৯০ শতাংশ ভোটদান হয়, তেন্তে মই মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাক এক লাখ ভোটৰ ব্যৱধানত জিকাবলৈ সক্ষম হম।”