বৰপেটাৰ সত্ৰীয়া শিল্পী নাৰায়ণ চন্দ্ৰ ওজাৰ দেহাৱসান মথুৰাত হৃদযন্ত্ৰ বিকল হৈ পৰলোকপ্ৰাপ্তি ঘটে শিল্পীগৰাকীৰ।’মথুৰা-বৃন্দাৱন মহোৎসৱ’ৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ মথুৰালৈ গৈছিল শিল্পীগৰাকী।
যোৱা ৩ অক্টোবৰৰ পৰা উত্তৰ প্ৰদেশৰ মথুৰাত অনুষ্ঠিত হোৱা ‘মথুৰা-বৃন্দাবন মহোৎসৱ’ত বৰপেটা সত্ৰৰ পৰা সত্ৰীয়া সংস্কৃতি প্ৰদৰ্শন কৰিবলৈ শিল্পীগৰাকী গৈছিল। অনুষ্ঠানৰ সফলোত্তৰ সামৰণিৰ পাছত বৰপেটালৈ উভতি অহাৰ পথতে আকস্মিকভাৱে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।
নাৰায়ণ ওজাৰ এই অকাল মৃত্যুত ‘অসম সত্ৰ মহাসভা’ৰ বৰপেটা জিলা সমিতিয়ে গভীৰ শোক প্ৰকাশ কৰিছে।