চাপৰৰ সোনামূখী বেতবাৰীত ভয়ংকৰ পথ দূৰ্ঘটনা।
তীব্ৰবেগী ৰে’ল’ বাহনে মহতিয়াই নিলে এজন পথচাৰীক ।
জানিব পৰা মতে, যুৱকজন গুৱাহাটীৰ পৰা উভতি ঘৰলৈ যোৱাৰ সময়ত বাছৰ পৰা সোনামূখী বেতবাৰী নামি উচ্চ ৰেলৰ ৰাস্তাৰ কাষেদি কাণত হেড ফোন লগাই গৈ থকাৰ সময়তে পিছফালৰ পৰা ৰে’লে মহতিয়াই লৈ যায়।
দূৰ্ঘটনাত নিহত হোৱা ৩৫ বছৰীয়া যুৱকজন চৰুৱাবাখৰা গাঁওৰ গুদু সেখ। বক্কাৰ আলী পুত্ৰ বুলি জানিব পৰা গৈছে। ।
ইতিমধ্যে ঘটনাস্থলীত ৰে’ল আৰক্ষী আৰু শালকোচা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
