ডবকাৰ NRL তেল ডিপুৰ সমীপত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা পথ দুৰ্ঘটনা
তীব্ৰবেগী স্কুটিয়ে পথৰ মাজৰ ডিভাইডাৰত খুন্দা।
দুৰ্ঘটনাৰ ফলত গুৰুতৰভাৱে আহত স্কুটি চালকসহ দুজন
তাৰে এজনৰ অৱস্থা সংকটজনক
স্থানীয় ৰাইজে ততাতৈয়াকৈ দুয়োকে উদ্ধাৰ কৰি এম্বুলেন্সৰ সহায়ত লৈ আহে ডবকা সামূহিক চিকিৎসালয়লৈ
প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে দুয়োকে হোজাইৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়
আহত দুজন চাহিল উদ্দিন আৰু আকিবুৰ ৰহমান বুলি জানিব পৰা গৈছে
দুয়োৰে ঘৰ ডবকা চহৰৰ ১০ নং ৱাৰ্ডৰ হাফিজ নগৰত
দুয়োৱে অত্যাধিক মাত্ৰাত সুৰাপান কৰি দুৰ্ঘটনা সংগঠিত কৰাৰো অভিযোগ
দুৰ্ঘটনা সংগঠিত কৰা স্কুটিখনৰ নম্বৰ AS31 G 8624
